নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে ৰাজ্যত ধাৰাবাহিক ভাবে চলি থকাৰ মাজতেই আজি নাগৰিকত্ব সংশোধনী আইন সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে।নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে অসমৰ আবেদনসমূহৰ পৃথককৈ শুনানি হ’ব বুলি জনাইছে উচ্চতম ন্যায়ালয়ে।
অহা ৪ সপ্তাহৰ পিছত আকৌ শুনানি হব। শুনানিৰ সময়ত উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে অসমৰ পৰিস্থিতি সুকীয়া বুলিও বিশেষ মন্তব্য কৰে।
আনহাতে অসম আৰু ত্ৰিপুৰাৰ গোচৰৰ বাবে হ’ব পৃথক শুনানি। দুসপ্তাহ পিছত অসমৰ আবেদনৰ শুনানি অনুষ্ঠিত হব।